নীলিম কুমাৰৰ কবিতা

গ্ৰাহক ~ নীলিম কুমাৰ




মোৰ জেপত ত্ৰিশ প‍ইচা
চিগাৰেট এটাৰ দাম
এটকা থকা হ’লে
ফটিকা এগিলাচেই পালোহেঁতেন




মাতাল হ’বলৈও প‍ইচা নাই
ইমান কাঙাল
কেৱল হৃদয়খন আছে
তাৰে কিনিবলৈ পামনে প্ৰেম
মাতাল হোৱাকৈ







দাৱনী ~ নীলিম কুমাৰ


দাৱনী হৈ তেওঁ আহিব বুলি
কিমান বাৰ যে
মোৰ বুকুৰ পথাৰত
উপচি পৰিছিল সোণালী শস্য









মম ~ নীলিম কুমাৰ


জ্বলিছ হবলা ত‍ই
পুৰিবলৈ মোৰ বুকুৰ আন্ধাৰ


তোৰ আধা জীৱন গ’ল
অকণো আন্ধাৰ নগ’ল
গলি গলি এতিয়া দেখোন তয়েই শেষ হবি



নিজে দেখোন বুৰ যাবি
আন্ধাৰত


কেৱল ঈশ্বৰেহে বিচাৰি আহিব তোক
তেৱোঁতো বিচাৰি নাপাব
ইমান আন্ধাৰত তোৰ আত্মা


তোক বিচাৰি আকৌ তোকেই জ্বলাব
ঈশ্বৰেও
হেৰ’ অবোধ মম !
তোক দেখি
আন্ধাৰো বিগলিত






অস্থায়ী আকাশ ~ নীলিম কুমাৰ




সকলো মানুহৰ বুকুতে
এখন আকাশ থাকে
কিন্তু কোনেও
নিজৰ ভিতৰলৈ মূৰ তুলি নাচায় সেই আকাশ


যিসকলে প্ৰেমত পৰে
তেওঁলোকে হঠাত্‍ দেখিব পাৰে
নিজৰ বুকুত থকা এই আকাশখন
অৱশ্যে আকাশখন অস্থায়ী








ছায়াত
ডুবিছে
গছ
সুৰঙ্গত
সন্ধ্যা
চুমাত
ডুবিছে 
শৰীৰ



শ্মশান ~ নীলিম কুমাৰ


পানীৰ মাজতো এখন শ্মশান আছে
মাছবোৰৰ

আকাশৰ মাজতো এখন শ্মশান আছে
তৰাবোৰৰ

অৰণ্যৰ মাজতো এখন শ্মশান আছে
সেউজীয়াৰ

কিন্তু ক’ত আছে সেইখন শ্মশান

দেওলগা গছজোপায়ো নক’লে
ক’ত আছে সেইখন শ্মশান

য’ত চৰাইবোৰে জ্ব্লাই দিছিল
          মোৰ প্ৰেয়সীক




কবিতা

(
)

যেতিয়াই মন যায়
বুকুৰ পৰা উলিয়াই লওঁ
তোমাৰ মুখখন

(
)

তেওঁৰ সেওতাৰে যিসকল আহে
সকলো মৰে
তেওঁৰ ফোঁটত পৰি
********************


 
উৎসর্গ : মামণি ৰয়চম গোস্বামী

মাতাল হৈ গোটেই ৰাতি
পৃথিৱীৰ 'তে ঢলংপলং কৈ
তোমাক বিচাৰি ফুৰিলোঁ

বতাহো আহিব খুজিছিল
আমাৰ 'তে

কোন দুর্গত মূৰ থৈ তুমি শুই আছা
হে মোৰ বিধ্বংসী প্রেমৰ নাৰী
********************


 
অঘৰী প্রেমিক
(
মামণি ৰয়চম গোস্বামীলৈ উৎসর্গিত)

অঘৰী প্রেমিকজনে আহি
বিচাৰিব যেনি-তেনি
তোমাৰ বুকুলৈ যোৱা বাটটো কেনি

অঘৰী প্রেমিকজন আহিলে
পদূলিত ৰৈ নেথাকিবা

বন্ধ কৰিবা গান

ঢাকি ৰাখিবা তোমাৰ মুখৰ
কৰুণ শিল্প

পিন্ধি থাকিবা শিলৰ পোচাক

তেওঁ আহি তোমাৰ কলিজাটোহে
খুজিবহি

লুকাই 'বা কলিজাটো
তোমাৰ প্রিয়জনৰ বুকুৰ তলত
কাতৰ হৈ উঠা তেওঁৰ ওঁঠলৈ
নাচাবা এবাৰো
তেওঁ কিন্তু আহিবই
আহি বিচাৰিব যেনি-তেনি
তোমাৰ বুকুলৈ যোৱা বাটটো কেনি
********************


(
নীলিম কুমাৰে ছাত্রাৱস্থাতে (১৯৮৫/৮৬) মামণি ৰয়চমকলৈ লিখা আৰু তেওঁলৈ প্রেৰণ কৰা বহুতো কবিতাৰ মাজৰ তিনিটা)